নিয়মীয়াকৈ ৰক্ষণাবেক্ষণৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য আৰু বয়সৰ ফলত ছালৰ স্থিতিস্থাপকতা হেৰুৱাব পাৰে। ফলত ছালখন ওলমি যাব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। বহুতে বহুত টকা খৰচ কৰি বিভিন্ন চিকিৎসা গ্ৰহণ কৰে। কিন্তু ইমানখিনি নকৰাকৈয়ে ঘৰতে কম খৰচত এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।
শৰীৰৰ বিভিন্ন অংশত কটা দাগ, ক’লা দাগ কিছুমান বিশেষ তেলৰ সহায়ত ম্লান হৈ যাব।

১) পৰ্যাপ্ত পানী
ছালৰ স্থিতিস্থাপকতা বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰাটো প্ৰয়োজন। অন্যথা শৰীৰৰ লগতে ছালখনো পানীহীন হৈ পৰিব পাৰে। ফলত ছালত বলিৰেখাৰ সমস্যা বাঢ়িব পাৰে।
২)মুখৰ ব্যায়াম
মুখৰ ব্যায়াম পেশী সক্ৰিয় কৰি ৰখা আৰু তেজ চলাচল কৰাব পাৰি। তাৰ বাবে বিশেষ একো কৰিব নালাগে। ছ’চিয়েল মিডিয়াত অলপ সন্ধান কৰিলে বিভিন্ন ধৰণৰ মুখৰ ব্যায়ামৰ ভিডিঅ’ পোৱা যাব। সেইবোৰ চাই আপুনি অনুশীলন কৰিব পাৰে।
৩) মালিচ কৰা
মাহত এবাৰ চেলুনলৈ গৈ ফেচিয়েল কৰাৰ পিছত মুখখন বৰ চিকচিকিয়া হৈ পৰে।বিশেষজ্ঞসকলে কয় যে এমাহৰ ভিতৰত এদিন মালিচ কৰিলে কাম নহ’ব। ছালখন টান কৰি ৰাখিবলৈ নিয়মিত ফেচ ক্ৰীমেৰে মুখখন মালিচ কৰিব লাগিব।
ইয়াৰ বাহিৰেও কিছুমান ঘৰুৱা উপায় আছে, যিবোৰ ব্যৱহাৰ কৰি বৃদ্ধ বয়সতো ছাল লৰচৰ হোৱাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।
নাৰিকল তেল:
প্ৰতি নিশা শুই উঠাৰ আগতে নাৰিকল তেলেৰে মুখখন মালিচ কৰক। পাঁচ মিনিট মালিচ কৰিব পাৰিলে ভাল। ইয়াৰ পিছত তেল লগাই শুব। ৰাতিপুৱা মুখ ধুব। ই ছালখন কোমল আৰু টান কৰি তুলিব।
কণী আৰু মৌ:
কণীৰ কুহুমৰ লগত মৌ মিহলাই মিশ্ৰণ বনাওক। ইয়াৰ পিছত মিশ্ৰণটো মুখত লগাব। ১৫ মিনিট এনে অৱস্থাত ৰাখি কুহুমীয়া পানীৰে ধুই পেলাওক। ছালখন টান হৈ পৰিব।
অলিভ অইল:
অলিভ অইলেৰে মুখখন মালিচ কৰিলে ছালখন টান হয় আৰু বলিৰেখা কমি যায়। প্ৰতিদিনে গা ধোৱাৰ পিছত কেইমিনিটমান অলিভ অইলেৰে মুখখন মালিচ কৰক। যিমানেই বেছি সময় মালিচ কৰিব পাৰি সিমানেই ভাল।