Daily Time Axom

বোৱাৰীক যৌন নিৰ্যাতন, স্বামীক ডিঙি কাটি হত্যা কৰিলে পত্নীয়ে

0 49

দিনৰ পিছত দিন বোৱাৰীক শহুৰেকে চলালে শাৰীৰিক আৰু যৌন নিৰ্যাতন।

খঙত পত্নীয়ে হত্যা কৰিলে স্বামীক। উত্তৰ প্ৰদেশৰ বদৌনত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

আৰক্ষী সূত্ৰৰ মতে, ১৪ আগষ্টত সংঘটিত হৈছিল এই হত্যাকাণ্ড। তদন্তৰ অন্তত পৰিয়ালটোৱে দাবী কৰে যে প্ৰতিশোধৰ স্বাৰ্থত এজন বাহিৰৰ লোকে ৪৩ বছৰীয়া তেজেন্দৰ সিঙক হত্যা কৰিছিল। কিন্তু আৰক্ষীৰ সন্দেহ আছিল। পৰিয়ালৰ সকলো সদস্যকে একাধিকবাৰ জেৰা কৰা হয়। তেজেন্দৰৰ পত্নী মিথিলেশ দেৱীয়ে (৪০) জেৰাৰ সময়ত নিজৰ বক্তব্য সলনি কৰি থাকি পিছত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

মিথিলেশ দেৱীয়ে আৰক্ষীক জনোৱা মতে, আগতে তেওঁৰ স্বামীয়ে ১৯ বছৰীয়া বোৱাৰীক তীব্ৰ প্ৰহাৰ কৰিছিল। আনকি ৰাতি তাইক কাষতে শুবলৈ বাধ্য কৰাইছিল। স্বামীৰ এই আচৰণত তেওঁ খঙতে সেই নিশা তেজেন্দৰ শুই থাকোতে মিথিলেশে ডিঙি কাটি হত্যা কৰে। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিথিলেশক।

Leave A Reply

Your email address will not be published.