নিউজ ডেস্ক, ২৮ আগষ্টঃ মায়ঙৰ চনকা হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱক। বাহনখনত আছিল ৪জন যুৱক-যুৱতী।আহতকেইজনক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱা হৈছে।
চনকাৰ পাহাৰীয়া পথেৰে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰি পৰে হুণ্ডাই i20 বাহনখন৷ স্থানীয় লোকে বাহনৰ আইনা ভাঙি উদ্ধাৰ কৰে যুৱক-যুৱতীক। নিশাই ব্ৰহ্মপুত্ৰৰ পৰা এক্সকেভেটৰেৰে উদ্ধাৰ কৰে বাহনখন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01 DX 5376৷ দুৰ্ঘটনাত পতিত হোৱা লোককেইজন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে৷
Comments are closed, but trackbacks and pingbacks are open.