নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰিল এখন বাহন, থিতাতে মৃত্যু এজন যুৱক

নিউজ ডেস্ক, ২৮ আগষ্টঃ মায়ঙৰ চনকা হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱক। বাহনখনত আছিল ৪জন যুৱক-যুৱতী।আহতকেইজনক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱা হৈছে।

চনকাৰ পাহাৰীয়া পথেৰে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰি পৰে হুণ্ডাই i20 বাহনখন৷ স্থানীয় লোকে বাহনৰ আইনা ভাঙি উদ্ধাৰ কৰে যুৱক-যুৱতীক। নিশাই ব্ৰহ্মপুত্ৰৰ পৰা এক্সকেভেটৰেৰে উদ্ধাৰ কৰে বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01 DX 5376৷ দুৰ্ঘটনাত পতিত হোৱা লোককেইজন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে৷

AccidentAssamAssamese NewsDaily time axomGuwahatiIndiaInjuredKilled