নিউজ ডেস্ক, ২৮ আগষ্টঃ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন বলব’ম যাত্ৰীৰ বাহন। বলেৰ’ পিকআপ বাহনৰ খুন্দাত বগৰিল যাত্ৰীবাহী টেম্প’। দুগৰাকী যুৱতীসহ ১১জন বোলবোম যাত্ৰী আছিল টেম্প’ত। আমলখিৰ ডিজুবস্তিৰ পৰা হাতীমূৰালৈ আহিছিল দলটো।
দুৰ্ঘটনাত আহত ১১ ব’ল বম যাত্ৰীক কলিয়াবৰ মহকুমা অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে সংকটজনক অৱস্থাত ৫জনক TMCHলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত টেম্প’খনৰ নম্বৰ হৈছে AS 12A C1703 আৰু বলেৰ’ পিক্ আপ বাহনখনৰ নম্বৰ AS 12 CC 2043।
Comments are closed, but trackbacks and pingbacks are open.