Daily Time Axom

দলিত যুৱকক মৰিয়াই হত্যা; মাতৃকো বিৱস্ত্ৰ কৰাৰ অভিযোগ

37

নিউজ ডেস্ক, ২৮ আগষ্টঃ পুনৰ এগৰাকী দলিত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ । পুত্ৰক বচাবলৈ যোৱা যুৱকজনকৰ মাতৃকো বিবস্ত্ৰা কৰা হৈছিল বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হয় এই ঘটনা। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৯ গৰাকী মূল অভিযুক্তৰ বিৰুদ্ধে থানাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দলিত যুৱকজনৰ ১৮ বছৰীয়া ভগ্নীয়ে ২০১৯ চনত কেইবাজনো লোকৰ বিৰুদ্ধে দাখিল কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ।এই সন্দৰ্ভত আদালতত গোচৰো চলিছিল। আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ পৰিয়ালক গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়া হৈছে।ইমানতে ক্ষান্ত নাথাকি অৱশেষত দেওবাৰে একাংশ লোকে তেওঁলোকৰ ঘৰলৈ গৈ পুত্ৰক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। আৰু মৰিয়াই মৰিয়াই হত্যা কৰে । মাতৃৰ ভাষ্য অনুসৰি তেওঁৰ চকুৰ সন্মুখতে ল’ৰাটোক মৰিয়াই হত্যা কৰিছিল।আৰু যেতিয়া তাক বচাবলৈ মাতৃয়ে চেষ্টা কৰিছিল তেতিয়া মাতৃকো বিবস্ত্ৰ কৰি দিয়া হৈছিল ।

Comments are closed, but trackbacks and pingbacks are open.