Daily Time Axom

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ

44

নিউজ ডেস্ক, ২৮ আগষ্টঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ। এই স্বৰ্ণজয়েৰে নতুন ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় নীৰজ চোপ্ৰা। পুৰুষৰ জেভেলিন থ্ৰ’ৰ ফাইনেলত ৮৮.১৭ মিটাৰৰ থ্ৰ’ৰে স্বৰ্ণ জয় কৰিলে নীৰজ চোপ্ৰাই।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় কৰি পুনৰ এ‍বাৰ দেশক গৰ্বিত কৰিলে নীৰজ চোপ্ৰাই। উল্লেখ্য যে, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২২ত ৰূপৰ পদক অৰ্জন কৰিছিল নীৰজে।

Comments are closed, but trackbacks and pingbacks are open.