নিউজ ডেস্ক, ২৮ আগষ্টঃ নিশা মহানগৰীৰ বৰাগাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবে দাৰে ঘপিয়ালে প্ৰেমিকাক।
নিৰঞ্জন গোহাঁই নামৰ এজনৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰীতা দাস নামৰ মহিলাগৰাকীয়ে। ৩ মাহ পূৰ্বে স্বামীক মৰিয়াই হাত-ভৰি ভাঙি দুই সন্তানসহ পলায়ন কৰিছিল ৰীতাই। কিছুদিন পূৰ্বে প্ৰেমিক নিৰঞ্জনক এৰি স্বামীৰ ওচৰলৈ ঘূৰি আহিছিল ৰীতা।
ঘটনাত ক্ষোভিত হৈ দেওবাৰে নিশা নিৰঞ্জনে আক্ৰমণ কৰে পৰিয়ালটোক। ৰীতাৰ দুই সন্তানক লোৰ পাইপেৰে মৰিয়াই আক্ৰমণ কৰে নিৰঞ্জনে। আনহাতে নিৰঞ্জনৰ আক্ৰমণত মৃত্যু হয় ৰীতা দাসৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰীতাৰ স্বামী আৰু সন্তানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হত্যাকাণ্ড সংঘটিত কৰিয়েই চৰম পন্থা বাছি লয় নিৰঞ্জনে।