বয়সৰ লগে লগে দেহৰ জুই নুমাই যায় ? সমীক্ষাত দেখা গ’ল ইয়াৰ বিপৰীত ছবি

বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ জুই নুমাই যায়। তেতিয়া বন্ধুত্বই মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে সেইদৰেই ভবা হয়। কিন্তু যৌন বিশেষজ্ঞসকলে তেনেকৈ নাভাবে। বৰঞ্চ তেওঁলোকে দাবী কৰে যে বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক ঘনিষ্ঠতাও বৃদ্ধি পায় (Physical intimacy)। শেহতীয়াকৈ কৰা এক সমীক্ষাৰ পৰা তেওঁলোকৰ এই দাবী।

শেহতীয়াকৈ মুক্তি পোৱা এখন ৱেব ছিৰিজত নীনা গুপ্তাই অভিনয় কৰা চৰিত্ৰ এটাৰ মুখৰ পৰা এনে কথা শুনা গ’ল। আজীৱন সম্পৰ্ক অক্ষত ৰখা মানে বিচনাৰ বুজাবুজি প্ৰথম। কিন্তু সমাজৰ প্ৰচলিত ধাৰণাটো তাৰ হুবহু বিপৰীত । প্ৰাপ্তবয়স্কৰ দুৱাৰমুখত উপনীত হ’লে, নাতি-নাতিনীৰ সৈতে সময় কটালে, ফুৰিবলৈ যোৱা বা কিতাপ পঢ়িলে মনৰ ভাল হয় বুলি বিশ্বাস কৰা হয়। যৌনতা যৌৱনৰ বিষয়। বৃদ্ধ বয়সত তাৰ কোনো ঠাই নাই। কিন্তু শেহতীয়াকৈ এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছে, য’ত ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে।

৪৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলক সোধা হৈছিল যে অহা ১০ বছৰমানৰ ভিতৰত তেওঁলোকে নিজৰ যৌন জীৱন কেনেকৈ চাব বিচাৰিব। শ শ পুৰুষ-মহিলাই এই সমীক্ষাত অংশ লৈছিল। এটা দশক পাৰ হোৱাৰ পাছত তেওঁলোকক পুনৰ সোধা হয় যে সেই আশা কিমান পূৰণ হ’ল৷ দেখা গ’ল যে বহুতো ইতিবাচক মনোভাৱৰ দম্পতীৰ জীৱনত যৌনতা তেতিয়াও জীয়াই আছে। দেখা যায় যে যথেষ্ট সঘনাই তেওঁলোকে শাৰীৰিক খেলত লিপ্ত হয় আৰু অতি ভাল জীৱন যাপন কৰি আছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment