চীনে বিদেশী পৰ্যটকৰ বাবে বাধ্যতামূলক কৰোনা পৰীক্ষাৰ নিয়ম উঠাই দিলে।
এতিয়াৰে পৰা চীনৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কোনো বিদেশী পৰ্যটকৰ কৰোনা টেষ্ট কৰিব নালাগিব। কৰোনা মহামাৰীৰ সাড়ে তিনি বছৰতকৈও অধিক সময়ৰ পাছত চীনে এই নিয়ম উঠাইছে।
সোমবাৰে বেইজিঙত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ নিয়মীয়া ব্রিফিঙত মন্ত্র্যালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে এই তথ্য নিশ্চিত কৰে৷ বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব এই পদক্ষেপ। এই তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটতো বিবৃতিৰ ৰূপত প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও মহামাৰীৰ সময়ত ঘৰুৱা পৰ্যটকৰ আমেৰিকা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, দক্ষিণ কোৰিয়া আৰু জাপানলৈ গ্ৰুপ ভ্ৰমণৰ নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে বুলি মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে।