Daily Time Axom

গহপুৰত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ ময়মতালিত অতিষ্ঠ ভোক্তভোগী গ্ৰাহক

0 43

বেংক কৰ্মচাৰীৰ প্ৰতি সন্দেহ প্ৰকাশ গ্ৰাহকৰ

অতি কম দিনৰ ভিতৰতে ৰাজ্যখনত নিজৰ স্থিতিৰ উমান দি তজবজীয়াকৈ গজি উঠা এটা বেংক হ’ল নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক। সম্প্ৰতি অসমৰ বহুকেইখন জিলাত বেংকটোৰ শাখা আছে আৰু ৰাইজেও আদৰি লৈছে। বেংকটোৰ ওপৰত ৰাইজৰ আস্থা ক্ৰমাৎ বৃদ্ধি পাইছে যদিও দুই এটা শাখাত বেংক কৰ্মচাৰীৰ কৰ্মত গাফিলতিৰ বাবেই হওক বা ময়মতালিৰ কাৰণেই একাংশ গ্ৰাহকে ভূগিবলগীয়া হৈছে দুৰ্ভোগ। তাৰেই এক জ্বলন্ত উদাহৰণ হৈ উঠিছ গহপুৰ শাখা। এই শাখাৰ কৰ্মচাৰীয়ে গ্ৰাহকক শোধাই আহিছে ৰামটাঙোণ। ভোক্তভোগী গ্ৰাহকৰ মতে, বেংক কৰ্মচাৰীয়ে একাউন্টৰ পৰা লোনৰ কিস্তিসমূহ সময়মতে নাকাটি অধিক সময়লৈ ৰাখি সুঁদৰ ধনলৈ গ্ৰাহকক অতীষ্ঠ কৰাৰ লগতে একপ্ৰকাৰৰ মাধমাৰ সোধাই আহিছে। বেংকৰ মেনেজাৰকো সময়মতে লোনৰ কিস্তিসমূহ সময়মতে কাটিবলৈ গ্ৰাহকে অনুৰোধ জনোৱাৰ পাছতো এই সন্দৰ্ভত কোনো কাৰণতে সবল স্থিতি গ্ৰহণ কৰা দেখা নাই বুলিও গ্ৰাহকে জানিবলৈ দি কয় যে অনতিপলমে তেওঁলোকে এই বিষয়ে গুৱাহাটী স্থিত বেংকৰ মুখ্য কাৰ্যালয়ত গোচৰ দি এই বিষয়টো অৱগত কৰিব।

Leave A Reply

Your email address will not be published.