Daily Time Axom

স্কুলৰ নামত তম্বুৰ তলত পঢ়িছে ! আফগানিস্তানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে হাৰ মনা নাই আজিও

0 40

চৌদিশ আলোকিত হয় শিক্ষাৰ পোহৰেৰে। কিন্তু তালিবানৰ শাসনত আফগানিস্তানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী এই শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত। কিন্তু সেই দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জেহাদীৰ বন্দুকলৈ ভয় নকৰাকৈয়ে অদম্য ইচ্ছাশক্তিৰে পঢ়া-শুনা অব্যাহত ৰাখিছে। কিন্তু তেওঁলোকে অহৰহ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। ইফালে সিফালে তম্বু সাজি সাময়িকভাৱে পঢ়া-শুনা কৰিব লগা হৈছে।
দুবছৰমান আগতে তালিবানে কাবুলীৱালাৰ দেশ দখল কৰিছিল। কিন্তু সন্ত্ৰাসবাদীয়ে ক্ষমতা দখল কৰাৰ আগতেই আফগানিস্তান দৰিদ্ৰতাত ডুব গৈছিল। মুঠ জনসংখ্যাৰ ৯০ শতাংশতকৈ অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। য’ত আফগানসকলে দুমুঠি খাদ্য ক্ৰয় কৰিবলৈ সংগ্ৰাম কৰে, তাত শিক্ষাৰ খৰচ এক বিলাসীতা। কিন্তু আফগানিস্তানত তালিবানে পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছৰে পৰা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি আফগানিস্তানৰ গাজনী প্ৰদেশৰ আজৰিস্তান জিলাত বিদ্যালয়ৰ সংখ্যা ১৩খন। কিন্তু নামতহে স্কুল। ছাত্র-ছাত্রীয়ে কোনো প্রতিষ্ঠানত নহয়, তম্বুৰ তলতহে অস্থায়ীভাৱে পঢ়া শুনা কৰিছে৷

Leave A Reply

Your email address will not be published.