Daily Time Axom

আজিৰে পৰা পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

27

নিউজ ডেস্ক, ২৯ আগষ্টঃ আজিৰে পৰা পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।এক জাননী যোগে এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে।

উল্লেখ্য যে, ৰাজ্যৰ আন আন ঘাটসমূহতো ফেৰী সেৱা বন্ধ কৰিছে। বিগত কিছুদিনত অসমৰ লগতে অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। লুইতৰ পানীত কাঠৰ টুকুৰা, জাবৰ আদি উটি অহাত বিপদৰ আশংকাত এই বন্ধৰ কথা জাননীযোগে জাৰি কৰিছে।ইয়াৰ পিছতে পাৰাপাৰ যাত্ৰীয়ে বিকল্প বাছ সেৱাৰ দাবী জনায়।

Comments are closed, but trackbacks and pingbacks are open.