নিউজ ডেস্ক, ২৯ আগষ্টঃ মহানগৰীত ১০ লাখ টকাৰ জালনোট জব্দ। মহানগৰীৰ লখৰাত ১০ লক্ষাধিক টকাৰ ৫০০ টকীয়া জালনোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।জব্দ ২০টা বান্দিলত ১০ লাখ টকাৰ জালনোটখিনি।
লখিমপুৰৰ বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা আহিছিল দুই জালনোট ব্যৱসায়ী।SOG, গঁড়চুক আৰক্ষীয়ে লখৰাত জব্দ কৰে জালনোটখিনি।ঘটনাৰে জড়িত ছৰিফুল ইছলাম আৰু ছাজাদুল ইছলামক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
লগতে দুই সৰবৰাহকাৰীৰ পৰা ম’বাইল, ১০খন ছীম কাৰ্ডো আৰক্ষীয়ে জব্দ কৰে।