Daily Time Axom

আজিৰে পৰা ২০০ টকাকৈ হ্ৰাস পালে ঘৰুৱা চিলিণ্ডাৰৰ দাম

38

নিউজ ডেস্ক, ৩০ আগষ্টঃ আজিৰে পৰা হ্ৰাস পালে ঘৰুৱা চিলিণ্ডাৰৰ দাম। দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ।২০০ টকাকৈ হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত। মঙ্গলবাৰে সংবাদমেলত এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

দেশৰ উজ্জ্বলা হিতাধিকাৰীসকলে পূৰ্বে ২০০ টকা কমত চিলিণ্ডাৰ লাভ কৰিছিল, এতিয়া এনে হিতাধিকাৰীয়ে ৪০০ টকা কমত চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব। লগতে সাধাৰণ গ্ৰাহকে ২০০ টকা কমত চিলিণ্ডাৰ লাভ কৰিব।

বৰ্তমান ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১০৫৩ টকা, মুম্বাইত ১০৫২.৫০ টকা, চেন্নাইত ১০৬৮.৫০ টকা আৰু অসমত ১১০০.০০ টকা।

Comments are closed, but trackbacks and pingbacks are open.