নিউজ ডেস্ক, ৩০ আগষ্টঃ আজি ৰাখী পূৰ্ণিমা। এই পূৰ্ণিমাতে উদযাপন কৰা হয় ৰাখী বন্ধন। ভ্ৰাতৃপ্ৰেম আৰু ভগ্নীস্নেহৰ অনন্য নিদৰ্শন ৰাখী বন্ধন। ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব।
ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে। ইয়াৰ বিনিময়ত ভাতৃসকলেও ভগ্নীক উপহাৰ আগবঢ়ায় আৰু তেওঁলোকক গোটেই জীৱন সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
Comments are closed, but trackbacks and pingbacks are open.