অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাতো ৩ ছেপ্টেম্বৰ তাৰিখে ৪০ তম্ বাৰ্ষিকী অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ’ব।
অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি আজি উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
তিনিটা শাখাত এই মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতা শুভাৰম্ভ কৰিব মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ভাস্কৰ শৰ্মাই।
ইয়াৰ পিছতেই অভিৰুচি ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ ইন্দু ৰঞ্জন বৰুৱাই।
অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি বহু কেইগৰাকী বিশিষ্ট ক্ৰীড়াবিদক সম্বৰ্ধনা জ্ঞাপন কৰা লগতে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ এ ডিভিজন ফুটবল লীগৰ চুড়ান্ত খেলত জয়ী দলক বঁটা প্ৰদান কৰা, মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম পাঁচ গৰাকীলৈ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে।