উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন

নিউজ ডেস্ক, ৩১ আগষ্টঃ উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন।বৃহস্পতিবাৰে পুৱা এই দুৰ্ঘটনা সংঘটিত হয়।এখন ট্ৰাকে মহটিয়ালে GMCৰ চাফাইকৰ্মীৰ ঠেলা। ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় এগৰাকী চাফাইকৰ্মী। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকে উৰণ সেতুখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগমৰ চাফাইকৰ্মীৰ এখন ঠেলাক মহতিয়াই নিয়ে। জালুকবাৰীৰ পৰা ভৰলুমুখ অভিমুখী উৰণ সেতুখনৰ কামাখ্যা গেটৰ সমীপত এই ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01HC2353।

AccidentAssamAssamese NewsDaily time axomGMCGuwahatiIndiaInjured