নিউজ ডেস্ক, ৩১ আগষ্টঃ মুকলিৰ ১২ ঘণ্টা নৌহওঁতেই একাংশৰ নীচ মানসিকতা। তামোল, গোটখা খাই মালিগাঁৱৰ নৱনিৰ্মিত উৰণসেতুত পেলালে পিক।
ৰামধেনুৰ সাতোৰঙী ৰঙৰ প্ৰতিচ্ছবিৰ তলতেই কোনো লোকে এনেদৰে পিকৰ লগতে সুৰাপান কৰি বটল পেলাই থৈ যায়। নিশাৰ ভাগত এইদৰে উৰণ সেঁতুখনৰ ওপৰত পেলাই থৈ গ’ল সুৰা আৰু পানীৰ বটল।
উল্লেখ্য যে, বুধবাৰে আবেলি উদ্বোধন হৈছিল মালিগাঁৱৰ নীলাচল উৰণ সেঁতু। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেঁতুখন উদ্বোধন কৰিছিল।
Comments are closed, but trackbacks and pingbacks are open.