চীনৰ নতুন মানচিত্ৰক লৈ বিতৰ্ক বাঢ়িছে, ভাৰতৰ পিছত আৰু চাৰিখন এছিয়ান দেশেও প্ৰশ্ন উত্থাপন কৰিছে

চীনৰ নতুন মানচিত্ৰ প্ৰকাশক লৈ বিতৰ্ক বাঢ়িছে।

মেপত অৰুণাচল প্ৰদেশ আৰু আক্সাই চীনৰ নিজৰ বুলি দাবী কৰিছে বেইজিঙে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, “কেৱল মানচিত্ৰত দেখুৱালেই নিজৰ হৈ নপৰে।”এইবাৰ ভাৰতৰ সুৰত আৰু চাৰিখন এছিয়াৰ দেশৰ নাম উলাইছে। ভিয়েটনাম, মালয়েছিয়া, ফিলিপাইনছ আৰু টাইৱানেও দাবী কৰিছে যে তেওঁলোকৰ ভূখণ্ড চীনৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। এই চাৰিখন দেশে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। ভিয়েটনাম চৰকাৰে এক বিবৃতিত কয় যে চীনে স্প্ৰেটলি আৰু পেৰাচেল দ্বীপপুঞ্জৰ অঞ্চলক নিজৰ বুলি দাবী কৰিছে। যিটো সঁচা নহয়। লগতে, জলভাগৰ যথেষ্ট অংশও মানচিত্ৰত চীনৰ অংশ হিচাপে দেখুওৱা হৈছে। যিটো সম্পূৰ্ণ অবৈধ। ফিলিপাইনছ, মালয়েছিয়া আৰু টাইৱানৰ প্ৰশাসনেও একে দাবীৰে মুখ মেলিছে। চীনৰ আগ্ৰাসন কোনো ধৰণে সহ্য কৰা নহ’ব বুলি স্পষ্টকৈ কোৱা হৈছে। যদিও বেইজিঙে এতিয়াও দাবী কৰে য়ে সেয়া আছিল সাৰ্বভৌম দেশৰ আইন আৰু বৈধ ভৌগোলিক সম্প্ৰসাৰণৰ ভিতৰত।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment