নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ আজিৰে পৰা শিলসাকোত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদক কেন্দ্ৰ কৰি শিলসাঁকোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ শিলসাঁকোৰ স্থানীয় ৰাইজৰ।
লগতে প্ৰশাসনৰ উচ্ছেদত বাধা স্থানীয় মহিলাৰ। অৰ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰে প্ৰতিবাদকাৰীসকলক।
উল্লেখ্য যে, প্ৰায় ২০০টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য প্ৰশাসনৰ। ১৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে এই উচ্ছেদ অভিযান। পূৰ্বেও শিলসাকোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান।