Daily Time Axom

বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত চাৰিজনকৈ যুৱক

39

নিউজ ডেস্ক, ১ চেপ্তম্বৰঃ বিলাসীপাৰাৰ হাজাৰীপাৰা এলেংমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰাৰ পৰা ফকিৰাগ্ৰাম অভিমুখী আৰু কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত দুখন তীব্ৰ বেগী বাইকৰ মুখামুখী সংঘৰ্ষত ৪ জনকৈ যুৱক থিতাতে নিহত হয় ।

নিহত দুজন যুৱক জাহিনুৰ খান আৰু নুৰভক্ত খান বুলি জানিব পৰা গৈছে যদিও আন দুজনক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত এখন বাইকৰ নম্বৰ AS 19 T 4750 আৰু আনখন নম্বৰ বিহীন। ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ‌ আৰক্ষী বিষয়াৰ লগতে ৰাণীগঞ্জ আৰু লক্ষীগঞ্জ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো কেইটা উদ্ধাৰ কৰি বিলাসীপাৰা থানালৈ লৈ যায়।

Comments are closed, but trackbacks and pingbacks are open.