পুনৰ ১৫৮ টকা পৰ্যন্ত হ্ৰাস পালে প্ৰতিটো ছিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ পুনৰ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৮ টকাকৈ হ্ৰাস। এতিয়াৰে পৰা ১৫২২.৫০ টকাত উপলব্ধ হ’ব বাণিজ্যিক চিলিণ্ডাৰ।

তেল কোম্পানীসমূহে চেপ্টেম্বৰ মাহৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম জাৰি কৰিছে। ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰত হ্ৰাস কৰা হৈছে ১৫৮ টকাকৈ।

এই হ্ৰাসৰ পিছত দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫২২.৫০ টকা হৈছে। ইয়াৰ পূৰ্বে ইয়াৰ দাম আছিল ১৭৮০ টকা। কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ১৮০২.৫০ টকাৰ সলনি ১৬৩৬ টকা। মুম্বাইত ১৬৪০.৫০ টকাৰ পৰা ১৪৮২ টকা হৈছে। চেন্নাইত ১৮৫২.৫০ টকাৰ পৰা ১৬৯৫ টকা হৈছে।

AssamAssamese NewsDaily time axomIndiaLPG CylinderNew DelhiPrice Down