আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ চন্দ্ৰ বিজয়ৰ পাছত এইবাৰ সূৰ্যৰ দিশে ভাৰত। আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1।দিনৰ ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব মহাকাশ যানখন। ISROৱে সূৰ্যৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ এই অভিযান আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ইছৰ’ৰ বাবে এয়া হ’ব প্ৰথম সূৰ্য অভিযান। সূৰ্য অভিযান সফলতাৰ বাবে দেশজুৰি পূজা-অৰ্চনা আগবঢ়োৱা হৈছে।

ভাৰতৰ এই সূৰ্য অভিযানত জড়িত অসমৰ অধ্যাপিকা ডঃ ঐশ্বন্যা শৰ্মা। তেওঁ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা।

Aditya L1Andhra PradeshAssamese NewsDaily time axomIndiaISROSolar MissionSriharikota