Daily Time Axom

এইবাৰ মণিপুৰৰ ঘটনাৰ পুনৰাবৃত্তি ৰাজস্থানত! মহিলাক নগ্ন কৰি বজাৰৰ মাজেৰে কৰোৱালে পেৰেড

40

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ মণিপুৰৰ দৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এগৰাকী জনজাতীয় মহিলাক বৃহস্পতিবাৰে স্বামীয়ে মাৰপিট কৰি উলংগ কৰি নিজৰ গাঁৱৰ মাজেৰে কৰোৱালে পেৰেড। এক তথ্য শুকুৰবাৰে নিশা ৰাজস্থান আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই আক্ৰমণৰ এক চাঞ্চল্যকৰ ভিডিঅ’ ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

আৰক্ষীৰ মতে, মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকী আন এজন পুৰুষৰ সৈতে সম্পৰ্কত থকাৰ অভিযোগ উত্থাপিত কৰিছে।পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভুক্তভোগীৰ স্বামী নাথু মীনা, কানহা মীনা আৰু ভেলিয়া বীনাক গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে টুইটযোগে গৰিহণা দি কয় যে, সভ্য সমাজত এনে ঘৃণনীয় কাৰ্যৰ কোনো স্থান নাই।দোষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি ফাষ্ট ট্ৰেক ক’ৰ্টত শাস্তি দিয়া হ’ব।

Comments are closed, but trackbacks and pingbacks are open.