নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ অৱশেষত DSP পুস্কল গগৈক গ্ৰেপ্তাৰ। পুৱতি নিশা CIDয়ে গ্ৰেপ্তাৰ কৰে পুস্কল গগৈক।তিনিদিন একেৰাহে জেৰা কৰাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় পুস্কল গগৈক।বজালী কাণ্ডত নাম সাঙোৰ খাইছিল DSP গৰাকীৰ।চুপাৰী মাফিয়াৰ পৰা ২ কোটি দাবী কৰাৰ অভিযোগ DSP পুস্কল গগৈৰ বিৰুদ্ধে।
উল্লেখ্য যে, চুপাৰী চিণ্ডিকেটত নাম সাঙোৰ খাইছিল বজালী আৰক্ষীৰ ৭ জনকৈ আৰক্ষীৰ।তাৰপাছতে চিআইডিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদক।
Comments are closed, but trackbacks and pingbacks are open.