Daily Time Axom

ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰে নেকি

0 45

আজিকালি বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনো ব্যৱহাৰ কৰে। তাৰ তুলনাত ঋতুস্ৰাৱৰ কাপৰ বহুল ব্যৱহাৰ নহয় যদিও ই যথেষ্ট নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰে।

আজিকালি বহুতে ইয়াক ব্যৱহাৰ কৰে। বহুতে আকৌ ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিবলৈ ভয় কৰে। ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো কিয় অধিক সুবিধাজনক জানো আহক:
চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাৰ সময়ত কাপোৰত তেজ লগা আশংকা থাকে। কিন্তু ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিলে সেই বিপদ কম হয়। খোজ কঢ়া, শুই থকা, খেলা-ধূলা কৰা এই সকলোবোৰ ঋতুস্ৰাৱৰ কাপ পিন্ধাৰ পিছতো বহুত সহজ হৈ পৰে।
চেনিটেৰী পেডতকৈ ঋতুস্ৰাৱৰ কাপ বহু বেছি পৰিৱেশ অনুকূল। ঋতুস্ৰাৱৰ কাপ পুনৰ ব্যৱহাৰযোগ্য। এটা কাপ পাঁচ বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি।


কাপ চাফা কৰাৰ সঠিক নিয়ম জানি লোৱা উচিত। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতে প্ৰতিমাহে কাপটো বীজাণুমুক্ত কৰিব লাগে। ব্যৱহাৰৰ পিছত মিনাৰেল ৱাটাৰেৰে পৰিষ্কাৰ কৰি পুনৰ বীজাণুমুক্ত কৰি নিৰ্দিষ্ট পাউচত ৰাখিব। খোলাকৈ নাৰাখিব। এই মাহেকীয়া কাপটো চেনিটেৰী পেডতকৈ বহুত বেছি সুলভ।

ঋতুস্ৰাৱৰ কাপে যোনিৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ বিৰক্তি অনুভৱ কৰা নহয়
চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিলে যোনিৰ চাৰিওফালে ফোহা ওলাব পাৰে। একেটা পেড দীৰ্ঘদিন ব্যৱহাৰ কৰিলে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে পেডতকৈ ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো বহুত বেছি পৰিষ্কাৰ-পৰিচ্ছন্ন।

Leave A Reply

Your email address will not be published.