নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন।সন্ধানহীন মহিলা কনিষ্টবল গৰাকী নগাঁৱৰ বঢ়মপুৰৰ গায়ত্রী হাজৰিকা।
পুৱা শৰাইঘাটত উদ্ধাৰ হৈছিল গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল আৰু চশমা। শৰাইঘাট দলঙৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছিল ম’বাইল ফোন, চশমা আৰু চেণ্ডেল।গায়ত্রীৰ সন্ধানত বৰ্তমান SDRF-এ ব্রহ্মপুত্রত চলাইছে অভিযান।
শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্রী হাজৰিকা।শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাক উচ্ছেদত নিয়োগ কৰা হৈছিল । জানিব পৰা মতে, জণ্ডিছ ৰোগত আক্ৰান্ত আছিল গায়ত্রী হাজৰিকা।
Comments are closed, but trackbacks and pingbacks are open.