নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ আৰম্ভ হ’ব। ইয়াৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআয়ে। ৰোহিত শৰ্মা অধিনায়ক আৰু হাৰ্দিক পাণ্ডিয়া সহঃ অধিনায়ক।
১৫জনীয়া দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়স আয়াৰ, ঈষাণ কিষাণ, সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল। অলৰাউণ্ডাৰ হিচাপে দলটোত স্থান লাভ ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, চাৰ্দুল ঠাকুৰৰ। দলত আছে যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু কুলদ্বীপ যাদৱ।