Daily Time Axom

আজি ৬২ সংখ্যক শিক্ষক দিৱস

46

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ আজি ৫ ছেপ্টেম্বৰ। আজি ৬২ সংখ্যক শিক্ষক দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে এই বিশেষ দিনটো।

শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালকৈ প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ ৫ ছেপ্টম্বৰ দিনটোত যোৱা ৬১ বছৰে এই দিৱস উদযাপন কৰি অহা হৈছে।

সমাজৰ মাৰ্গদৰ্শকস্বৰূপ শিক্ষাগুৰুসকললৈ ‘ডেইলী টাইম অসম’ৰ পৰা ‘শিক্ষক দিৱস’ৰ আন্তৰিক শুভেচ্ছা।

Comments are closed, but trackbacks and pingbacks are open.