কাৰ্বি আংলং জিলাত উদাযাপন হল আন্তৰ্জাতিক পৰিবহন দিৱস

আজি ৬ ছেপ্টেম্বৰত পৰিবহন দিৱস উপলক্ষে খাটখাতি লাহৰিজানৰ কে কে টাৱাৰ পৰিবহণ কাৰ্যালয়ত সৰ্বভাৰতীয় পৰিবহন সংস্থাৰ, কাৰ্বি আংলং জিলাৰ সৌজন্যত এখন সভা আয়োজিত হৈ যায় । আজি আয়োজিত হোৱা এই সভাত কাৰ্বি আংলং জিলাৰ পৰা বহু পৰিবহনকাৰী তথা চালকে অংশগ্ৰহণ কৰিছিল। আজি অনুষ্ঠিত হোৱা সভাত অল ইণ্ডিয়া ট্ৰান্সপোৰ্ট এছ’চিয়েশ্যন (এআইটিএ)ৰ মহিলা সভানেত্ৰী খেহুলি কিবামী আৰু উপ-সভাপতি অশোক কুমাৰ শৰ্মাই অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে। এই বৈঠকত সংগঠনটোৱে চৰকাৰক পৰিবহনকাৰী আয়োগ গঠন, সহ-চালক আয়োগ গঠন, টোল কৰ হাৰ হ্ৰাস কৰা, জিএছটিৰ অধীনত পেট্ৰ’ল আৰু ডিজেল অনাৰ বাবে আৰু সেউজ কৰ বাতিল কৰিবলৈ দাবী জনায়। আজিৰ সভাত চালকসকলক এখন ফুলাম গামোছাৰে সন্মানিত কৰা হয় আৰু সভাত জলপানৰো ব্যৱস্থা কৰা হয়। খবৰ অনুসৰি অখিল ভাৰতীয় পৰিবহণ সংস্থাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দ্বাৰা খেহুলি কিবামীক কাৰ্বি আংলং জিলাৰ মহিলা সভানেত্ৰী , কাৰ্বি আংলং জিলাৰ সভাপতি হিচাপে হৰদেশ কুমাৰ আৰু উপ-সভাপতি হিচাপে অশোক কুমাৰ শৰ্মা নিৰ্বাচিত কৰা হৈছে । আজিৰ সভাত পৰিবহনকাৰী আৰু চালকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয়। শেষত সৰ্বভাৰতীয় পৰিবহণ সংস্থাৰ হৈ আজিৰ বৈঠকত সকলো পৰিবহনকাৰী আৰু চালকক পৰিবহণকাৰী আৰু চালকৰ সকলো সমস্যা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগবঢ়াই নিবলৈ এইধৰণৰ কাৰ্যসূচীত যোগদান তথা অংশগ্ৰহণ কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হয় ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment