চৰিত্ৰক সন্দেহ কৰি পত্নীক কুঁৱাত ওলমাই থলে স্বামীয়ে

ৰাজ্যত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনাত । চৰিত্ৰক সন্দেহ কৰি কুঁৱাত ওলোমাই থলে নিজ পত্নীক।
অকল সেয়াই নহয়, গোটেই ঘটনাটো লোকজনে কেমেৰাত ৰেকৰ্ডিং কৰে।লোকজনে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে। আৰু সেই বাবে লোক জনে এনে ধৰণৰ এক লজ্জাজনক ঘটনা সংঘটিত কৰে ।কিন্তু বহু সময়ৰ পাছত পৰিয়ালৰ হস্তক্ষেপৰ মহিলাগৰাকীক কুঁৱাৰ পৰা উলিয়াই অনা হয়। এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ জৱাদ থানা এলেকাৰ কিৰপুৰাত ।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপি স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।অভিযোগ লাভ কৰাৰ পাছত আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে আৰু মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

bollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment