মানুহৰ সমস্যাৰ কথা কৈ ছোনিয়াই মোডীলৈ চিঠি লিখিব

সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিবলৈ ওলাইছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। তাত তেওঁ বিশেষ অধিবেশনত দেশৰ জনসাধাৰণৰ সংকটৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰিবলৈ দাবী জনাব। জানিব পৰা মতে, আজি নিশা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী দলৰ সৰ্বভাৰতীয় সংসদীয় দলৰ নেতাসকলৰ বৈঠকত ছোনিয়াই মোডীলৈ এই পত্ৰ লিখাৰ সিদ্ধান্ত লয়। বাকী বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীলৈ এনে পত্ৰ প্ৰেৰণ কৰিব নে নাই, সংসদীয় নেতাসকলে নিজৰ দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে কথা পাতি সিদ্ধান্ত ল’ব।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment