শিলসাকোৰ উচ্ছেদ অভিযানত নিজৰ ভুলৰ কথা স্বীকাৰ কৰিলে প্ৰশাসনে।
শিলসাকোত আজি পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান৷ পুৱাৰে পৰা চলে এই উচ্ছেদ অভিযান। কিন্তু আজিৰ উচ্ছেদৰ সময়তে ভুল কৰিলে প্ৰশাসনে।শিলসাকোৰ দলবাৰীত পুনৰ উচ্ছেদৰ সময়ত প্ৰশাসনে নিৰ্দিষ্ট সীমা পাৰ হৈ যায়। উচ্ছেদ চলাই গৈ থাকোঁতে প্ৰশাসনে নিৰ্ধাৰিত সীমাৰ বাহিৰত ১০০ ফুটলৈ উচ্ছেদ কৰে প্ৰশাসনে।যাৰ বাবে প্ৰশাসনে চাৰিটাকৈ ঘৰ উচ্ছেদ কৰে।প্ৰশাসনে উচ্ছেদৰ পিছত ভুলকৈ উচ্ছেদ চলোৱা বুলি স্বীকাৰ কৰে। আনহাতে, বিদ্যুৎ কৰ্তন নকৰাকৈও উচ্ছেদ কৰা পৰিলক্ষিত হয় প্ৰশাসনক। সনাতন নামঘৰ পথৰ চাৰিটা ঘৰ বিদ্যুৎ সংযোগ কৰ্তন নকৰাকৈ ভাঙে।