Daily Time Axom

উদ্যোগ নগৰীলৈ উন্নীত হব নলবাৰীৰ বানেকুছি : হিমন্ত বিশ্ব শৰ্মা

0 42


নলবাৰীৰ বানেকুছিত পেপচিক’ কোম্পানীৰ ভূমি পূজন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

নলবাৰীৰ বানেকুছিত পেপছিক’কোম্পানীৰ ভূমি পূজন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে পোনতে বানেকুছিক উদ্যোগ নগৰীলৈ উন্নীত কৰা হব বুলি ঘোষনা । পেপচিক’ কোম্পানাকী নলবাৰীৰ বানেকুছিৰ ৰাইজে ১৫০ বিঘা ভূমি সমাৰ্পন কৰা বাবে আন্তৰিক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই । এই পেপচি কোম্পানীটোৰ পৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেটত এই প্ৰকল্পটো সম্পূৰ্ণ হলে নলবাৰী বানেকুছিৰ পৰা নিৰ্মিত বুলি উপস্থাপন থাকিব । উক্ত প্ৰকল্পটো সম্পূৰ্ণ হোৱাত নলবাৰী জিলাৰ পৰা ৫০০ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ।
কেৱল ইমানেই নহয় পেপচি কোম্পানীয়ে নলবাৰীকে ধৰি পাৰ্শ্চৱৰ্তী অঞ্চল সমুহৰ পৰা যিমান আলু উৎপাদন হব সকলো পেপচি কোম্পানীয়ে ক্ৰয় কৰিব । যাৰ বাবে খেতিয়ক সকলে এখন আলুৰ বিক্ৰী বজাৰো পাব বুলি সদৰী কৰে । উল্লেখযোগ্য যে উক্ত পেপচি প্ৰকল্পটোৰ সকলো খাদ্য সামগ্ৰীৰ মূল উৎপাদক খাদ্য হব আলু । বানেকুছিত নিৰ্মাণ হব লগা পেপচি কোম্পানীটোক এবছৰত দৰকাৰ হব ৭৫ হাজাৰ মেট্ৰিক টন আলু । যাৰ বাবে নলবাৰী জিলাৰ সকলো আলু খেতিয়কে এতিয়াৰে পৰা আৰু অন্য কোনো চ’ক অথবা হাট বজাৰত উচিত মূল্য বিচাৰি সাবাথুৰি খাব নালাগে । পেপচিক’ কোম্পানীয়ে আলু খেতিয়ক সকলক উচিত মূল্যৰ ব্যৱধানত খেতিয়কৰ পৰা আলু ক্ৰয় কৰিব ।
আনহাতে অসমত এইবছৰ ৭ লাখ মহিলাক নতুনকৈ অৰুণোদয় আচনি প্ৰদান কৰাৰ লগতে অহাবছৰো ৭ লাখ মহিলাক অৰুণোদয় আচনিত অন্তৰ্ভূক্তি কৰিব বুলি ভাষনত আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই ।
লগতে অসমৰ প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যকে অসম চৰকাৰৰ পৰা ১০ হাজাৰকৈ থকা একাউন্টত পোনে পোনে প্ৰদান কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে । আত্মসহায়ক গোট সমুহৰ প্ৰতিগৰাকী সদস্যইশক আগন্তক ১৭ ছেপ্টেম্বৰত দুডালকৈ গছ পুলি ৰোপন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০.হিমন্ত বিশ্ব শৰ্মাই । আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি অসমত আন্দোলন নোহোৱা হৈ যোৱাৰ বাবে অসমত বিভিন্ন কোম্পানী নিৰ্মাণহৈ অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হব ধৰিছে বুলি ভাষত মন্তব্য কৰি দল সংগঠনবোৰক আন্দোলন নকৰি দৰকাৰ হলে মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰত গৈ গালি পাৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই ।
আজিৰ এই ভূমি পূজন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , আফ্ৰিকা , মধ্যপ্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ পেপচিক’ৰ মুখ্য কাৰ্যবাহী বিষয়া ইউজিন উইলেমচেন ,
লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , নন্দিতা গাৰ্লোচা , বিমল বৰা আৰু সঞ্জয় কিষাণকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা কৰ্মী ।
উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰথমে ৰাজ্যত চলি থকা লোড শ্বেডিংক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যূৎ ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্ৱতকৈ বৰ্তমান ১০ টকা প্ৰতি ইউনিটত ৰাজ্য চৰকাৰে ক্ৰয় কৰিহ লগীয়া হৈছে । যাৰ বাবে গ্ৰাহক সকলৰ ওপৰত পুনৰ বিদ্যূৎ মাচুল বৃদ্ধি নকৰিলে বিদ্যূ নিয়মীয়াকৈ পোৱাটো অসম্ভৱ । যাৰ কাৰনে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক গৰমৰ দিন কেইটা ধৈৰ্য কস্তৰে পাৰ কৰিবলৈ আহ্বান জনাইছে ।
আনহাতে I N D I A আৰু ভাৰত প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আগতেও ভাৰত আছিল এতিয়াও ভাৰত আছে আগলৈও ভাৰত হৈয়েই থাকিব । INDIA টো ইংৰাজী নাম হে ভাৰতীয় ৰাষ্ট্ৰীয় ভাষা অনুযায়ী আমি সকলোৱে ভাৰত বুলি সম্বোধন কৰিব লাগে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই ।
ইপিনে হিমা দাস প্ৰসংগত কোনো ধৰনৰ মন্তব্য প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই ।

Leave A Reply

Your email address will not be published.