JEC ৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত পাঁচ মাহ পূৰ্বে উদ্ধাৰ হৈছিল এজন ছাত্ৰৰ মৃতদেহ। পাঁচ মাহৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পিছতে ছাত্ৰজনক হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰ লোকে ইতিমধ্যে থানাত গোচৰ দিছে।

জানিব পৰা মতে যোৱা ৬ এপ্ৰিলত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫নং হোষ্টেলৰ এটা কোঠাত শুৱালকুছিৰ শ্বাহ নিহাজুল নিহাজ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল।প্ৰথম অৱস্থাত মাত্ৰাধিক নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত যুৱকজনৰ আকস্মিক মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ ফৰেনচিক পৰীক্ষা তথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যই সকলোকে আচৰিত কৰি তুলিছে। কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি কোনো গধুৰ বস্তুৰ দ্বাৰা মূৰত পোৱা গুৰুতৰ আঘাতৰ বাবেহে মৃত্যু হৈছিল নিহাজুলৰ ।

এই তথ্য পোহৰলৈ অহাৰ পিছতে নিহাজুলৰ পৰিয়ালে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিহাজুলৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড আছিল বুলি সন্দেহ কৰিছে। ইতিমধ্যে এই ঘটনাৰ তদন্ত বিচাৰি নিহাজুলৰ পৰিয়ালে যোৰহাটত এজাহাৰ দাখিল কৰিছে। পূৰ্বৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা এটা বিষয়ৰ পৰীক্ষা দিবলৈ যোৱা ৫ এপ্ৰিলত জেইচিৰ হোষ্টেল ৫লৈ আহিছিল নিহাজুল আৰু ৬ এপ্ৰিলত হোষ্টেলৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল নিহাজুলৰ মৃতদেহ। আনহাতে এই ঘটনাৰ পিছত জেইচি কৰ্তৃপক্ষই ল’ব লগা ভূমিকাক লৈমুঠেই সন্তুষ্ট নাছিল নিহাজুলৰ পৰিয়াল। কিন্তু তেওঁলোকে অপেক্ষা কৰিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ।।

Assamese NewsDaily time axomGuwahatiIndiaNew Delhi
Comments (0)
Add Comment