Daily Time Axom

অনলাইনত ফাদিল হ’ল ‘জোৱান’

0 74

বৃহস্পতিবাৰে বিশ্বজুৰি মুক্তি পালে বলীউডৰ ৰজা শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত চিনেমা ‘জৱান’। মুক্তিৰ কেইঘণ্টামানৰ ভিতৰতে এই ছবিখন অনলাইনত ফাদিল হয়।

জানিব পৰা মতে, ‘জোৱান’ৰ এইচডি সংস্কৰণটো টৰেণ্ট ৱেবছাইটত উপলব্ধ। Tamilrockers, Telegram, Movirooge আদি ৱেবছাইটতো এই ছবিখন ফাদিল হৈছে।

কিন্তু বিশেষজ্ঞসকলৰ মতে এই পাইৰেচিৰ প্রভাৱ ‘জোৱান’ৰ প্রথম দিনটোৰ ব্যৱসায়ত বিশেষ একো নাছিল৷ কাৰণ ‘জোৱান’ক লৈ শ্বাহৰুখৰ অনুৰাগীৰ মাজত উন্মাদনা।
কপিৰাইট আইন অনুসৰি চিনেমাগৃহত কেমেৰাৰ সহায়ত চিনেমাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি বিতৰণ কৰাটো আইনী অপৰাধ।

কিন্তু শ শ চেষ্টা কৰিও হিন্দী চিনেমাৰ পাইৰেচি বন্ধ কৰিব পৰা নাই।
শ্বাহৰুখ-গৌৰীৰ প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে ‘জোৱান’ৰ অনলাইন লিকক লৈ এতিয়াও কোনো হৈ-চৈ হোৱা নাই। অৱশ্যে ইয়াৰ পূৰ্বে প্ৰডাকচন হাউছে ‘জৱান’ৰ ফাদিল ভিডিঅ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আগষ্ট মাহত ছবিখনৰ কেইবাটাও দৃশ্য টুইটাৰত ফাদিল হৈছিল।

তাৰ পিছত ১০ আগষ্টত গৌৰী-শ্বাহৰুখৰ এজেন্সীয়ে মুম্বাইৰ ছান্টাক্ৰুজ থানাত এফআইআৰ দাখিল কৰে।
এফআইআৰত পাঁচটা টুইটাৰ হেণ্ডেলৰ কথা উল্লেখ কৰা হৈছে য’ৰ পৰা ভিডিঅ’ বিয়পি পৰিছিল। লগতে প্ৰডাকচন কোম্পানীটোৱে দিল্লী উচ্চ ন্যায়ালয়ত এজাহাৰ দাখিল কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মক এই ভিডিঅ’ ক্লিপসমূহ তৎক্ষণাত ডিলিট কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.