নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ডৰ ঘটনা৷ চুৰে চুৰি কৰি নিয়ে এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা কলহ, পিতলৰ চৰিয়া ৪ টা, লোটা, নিৰ্মালী প্ৰদানত ব্যৱহৃত সামগ্ৰীৰ সহ প্ৰায় ৫০০ বছৰীয়া শংখ এটাও লুট কৰি নিয়ে ৷
লগতে সত্ৰত থকা ৪খন মূল্যবান সাচিপতীয়া পুথি, লোৰ আলমাৰীৰ তলা ভাঙি চাৰিটা সোন-ৰূপৰ ফুল, নগদ ধন ১০,৪০০ টকাও লুটি নিয়ে। আনহাতে সত্ৰৰ প্ৰসংগত ব্যৱহৃত মাইক চেট এটাও চুৰি কৰি লৈ যায় ।বুধবাৰে নিশা সংঘটিত এই চুৰিৰ ঘটনাক লৈ বৰপেটাৰ সৰভোগত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Comments are closed, but trackbacks and pingbacks are open.