নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন।শিল্পীগৰাকীৰ ওপজা দিনটো পালন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপন কৰা হ’ব মহান শিল্পীগৰাকীৰ ওপজা দিনটো।
উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। সুধাকণ্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা–সংস্কৃতিক চহকী কৰি থৈ যোৱাৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল।১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হৈছিল শিল্পীগৰাকীক।
১৯৯২ চনত ড০ ভূপেন হাজৰিকাই দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল। ২০১২ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল।