অক্ষয়ৰ জন্মদিনৰ উপহাৰ ‘ৱেলকাম ৩’

বলীউডৰ জনপ্ৰিয় কমেডী ফ্ৰেঞ্চাইজি ‘ৱেলকাম ৩’ক লৈ যথেষ্ট সময় ধৰি আলোচনা চলি আছে।

তৃতীয় খণ্ডতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে। শনিবাৰে (৯ ছেপ্টেম্বৰ) অক্ষয় কুমাৰৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে তেওঁ নিজেই মুকলি কৰে ‘ৱেলকাম ৩’ৰ টিজাৰ। এই খণ্ডটোৰ চিনেমাৰ শিৰোনাম হৈছে ‘ওৱেলকাম টু দ্য জঙ্গল’।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি, অক্ষয় কুমাৰে জন্মদিনত অনুৰাগীসকলক বিশেষ উপহাৰ হিচাপে এই হাস্যৰসময়ী ‘ৱেলকাম ৩’ প্ৰ’ম’ ভিডিঅ’টো শ্বেয়াৰ কৰে। আৰু এই প্ৰমো ভিডিঅ’টো দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে!

ছচিয়েল মিডিয়াত প্ৰমো শ্বেয়াৰ কৰি অক্ষয়ে লিখিছে, আজি মোৰ জন্মদিনত মই আপোনাক আৰু নিজকে এটা উপহাৰ দিছো।”জংগললৈ আদৰিছো ‘ওৱেলকাম টু দ্য জঙ্গল’।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndia
Comments (0)
Add Comment