Daily Time Axom

জি-২০ সন্মিলনৰ দ্বিতীয় দিনাৰ অধিবেশনৰ পূৰ্বে মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি

0 63

বিশ্বৰ ঔদ্যোগিক আৰু উন্নয়নশীল অৰ্থনীতিৰ মিত্ৰতা জি-২০ৰ শীৰ্ষ সন্মিলনৰ দ্বিতীয় আৰু শেষ দিন আজি। দিনটোৰ আৰম্ভণিতে দিল্লীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীকে ধৰি মিত্ৰ দেশৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মুৰব্বীসকলে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শীৰ্ষ সন্মিলনৰ প্ৰথম দিন শনিবাৰে গৃহীত হয় নতুন দিল্লী ঘোষণাপত্ৰ। এই ঘোষণাৰ লগত সংযোজন কৰা হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথা, ‘এয়া যুদ্ধৰ যুগ নহয়’ বুলি লিখা হৈছে। কিন্তু যুদ্ধৰ প্ৰেক্ষাপটত ৰাছিয়াৰ নাম উচ্চাৰণ নোহোৱাকৈয়ে আছে। ভাৰতে চৌদি আৰৱ আৰু ইউৰোপৰ সৈতেও বাণিজ্যিক কৰিড’ৰ চুক্তিৰ কথা ঘোষণা কৰিছে।

একে সময়তে দিল্লী সন্মিলনত জি-২০ৰ সদস্য বৃদ্ধি পালে। আফ্ৰিকান ইউনিয়নক এই গোটৰ স্থায়ী সদস্য হিচাপে সংযোজন কৰা হয়।

আজি পুৱা মহাত্মা গান্ধীৰ সমাধিস্থলত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ আৰু অন্যান্য ৰাষ্ট্ৰ আৰু শাসকীয় দল আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দিল্লীৰ ৰাজঘাটত। ইয়াৰ পূৰ্বে ৰাজঘাটত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক আদৰণি জনাইছিল।
ইয়াৰ উপৰিও আজি পুৱা দিল্লীৰ অক্ষৰধামত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে প্ৰাৰ্থনাত যোগদান কৰে। তেওঁৰ আগমনৰ উপলক্ষে অক্ষৰধাম মন্দিৰ চৌহদত নিৰাপত্তাৰক্ষীৰ সবল মোতায়ন কৰা হয়।

ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত জি-২০ সন্মিলনৰ দ্বিতীয় দিনৰ অধিৱেশন ‘ভাৰত মণ্ডপাম’ অধিৱেশন কেন্দ্ৰত আৰম্ভ হয়। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু জি-২০ শ্বেৰপা অমিতাভ কান্তে অধিৱেশনৰ অন্তত সংবাদ মাধ্যমক অৱগত কৰিব। স্থানীয় সময় অনুসৰি বিয়লি ২:০০ বজাত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

Leave A Reply

Your email address will not be published.