Daily Time Axom

মৰক্কোত হোৱা ভূমিকম্পত নিহতসকলৰ প্ৰতি নোৰাৰ সমবেদনা

0 61

শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পl নিহত আৰু আহতসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা মৰক্কো বংশৰ নৃত্যশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ভূমিকম্পত নিহতসকলৰ বাবে প্ৰাৰ্থনা কৰে।

নোৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘মৰক্কোত হোৱা ভূমিকম্পৰ খবৰ আজি বহুতেই বিধ্বংসী। ইমানবোৰ চহৰত ইয়াৰ ইমান ভয়ংকৰ প্ৰভাৱ পৰিলে! বহুতে প্ৰাণ হেৰুৱালে।

ভূমিকম্পত নিহত আৰু আহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি নোৰাই লিখিছে, “মোৰ হৃদয় এতিয়া তেওঁলোকৰ ওচৰত! সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছো! বৰ ভয়ংকৰ পৰিস্থিতি। ভগৱানক ধন্যবাদ জনাইছো যে আমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়াল সুৰক্ষিত! যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো!”

শুকুৰবাৰে (৮ ছেপ্টেম্বৰ) মৰক্কোৰ মাৰাকেছত ৬.৮ ৰিখটাৰৰ এক শক্তিশালী ভূমিকম্পত এই পৰ্যন্ত ২ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে ভাঙি পৰা অট্টালিকা আৰু ধ্বংসাৱশেষ।

শুকুৰবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.১১ বজাত সংঘটিত হোৱা ভূমিকম্পৰ পিছতে ৰাইজে ঘৰ এৰি ৰাজপথলৈ ওলাই আহে। ভূমিকম্পৰ ১৯ মিনিট পিছত আন এক ৪.৯ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়।

Leave A Reply

Your email address will not be published.