মৰিগাঁও জিলাৰ মৈৰাবাৰীত লাহৰীঘাট সমষ্টিৰ এ আই ইউ ডি এফৰ এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়। মৈৰাবাৰীৰ হুছেইন মাৰ্কেটত ইউ ডি এফৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সমষ্টি কমিটীৰ উপ সভাপতি মতিবুৰ ৰহমানে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ইউ ডি এফৰ ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক হুছেইন মহম্মদ এহিয়া। ধিঙৰ পৰা মৈৰাবাৰীৰ মৌজা খন লাহৰীঘাট সমষ্টিত যোৱাৰ পাছত এই খনেই এ আই ইউ ডি এফৰ প্ৰথম খন সভা।সভাখনত এই আই ইউ ডি এফৰ যুৱ নেতা আনিছুৰ ৰহমানে আগন্তুক পঞ্চায়ত আৰু লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় ভেটি শক্তিশালী কৰিবলৈ কৰ্মী সকলক আহ্বান জনায়।