Daily Time Axom

ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৮ জনকৈ লোক হতাহত

82

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ইন’ভা আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ যাত্ৰী। নিহত লোক দূজন পুষ্পা সুৰেখা আগৰৱাল আৰু ইন’ভাৰ চালকজন। আনহাতে মহিলা, শিশুসহ গুৰুতৰভাৱে আহত হয় ৬জন লোক। লেপেটকটাৰ ঘূৰণীয়াত সংঘটিত হৈছে এই ঘটনা। সম্প্ৰতি আহত লোকসকল সংকটজনক অৱস্থাত AMCHত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাগ্ৰস্ত ইন’ভাখনৰ নম্বৰ AS-01JC-3076। পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্ঘটনাত পতিতসকল আছিল গুৱাহাটী আৰু শিৱসাগৰৰ। গুৱাহাটীৰ ৩গৰাকী, শিৱসাগৰৰ ৪গৰাকী যাত্ৰী আছিল।

Comments are closed, but trackbacks and pingbacks are open.