Daily Time Axom

আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন

59

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন। পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন। বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব অধিৱেশন।

অধিৱেশনৰ পূৰ্বেই উন্মোচন কৰা হ’ব নতুন বিধানসভা ভৱনত নিৰ্মিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি।

অধিৱেশনত উত্থাপন কৰা হ’ব প্ৰায় ২৩খন বিধেয়ক।৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। অসম পঞ্চায়ত আইন সংশোধনীকে ধৰি উত্থাপন হ’ব অন্যান্য বিধেয়ক।

Comments are closed, but trackbacks and pingbacks are open.