কি কি অভ্যাসে যকৃতৰ সমস্যা বৃদ্ধি কৰে

অসংযত জীৱনশৈলীৰ বাবে যকৃতৰ সমস্যা বহুতৰে বাঢ়িছে।

শেহতীয়াকৈ কৰা এক অধ্যয়নে সেই কথা প্ৰমাণ কৰিছে। কাউণ্টাৰৰ পৰা পোৱা ঔষধ সেৱন কৰা, অতিৰিক্ত চেনি থকা খাদ্য খোৱা – জীৱনশৈলীৰ বহুতো কাৰকে আপোনাৰ যকৃতৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

অত্যধিক মদ্যপান:

অত্যধিক মদ্যপানৰ ফলত যকৃতৰ ৰোগ হ’ব পাৰে। যিটো চৰ্বিযুক্ত যকৃতৰ পৰা আৰম্ভ কৰি চিৰ’ছিছলৈকে হ’ব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ মদ্যপান বন্ধ বা সীমিত কৰিব লাগিব।

অস্বাস্থ্যকৰ খাদ্যঃ অস্বাস্থ্যকৰ চৰ্বি, চেনি আৰু প্ৰচেছড খাদ্য খালে যকৃত চৰ্বিযুক্ত হ’ব পাৰে। খাদ্যত সেউজীয়া শাক-পাচলি, ফল-মূল, গোটা শস্য, বাদাম আৰু গুটি যোগ কৰিলে যকৃতৰ সুস্বাস্থ্য নিশ্চিত হয়।

মেদবহুলতা: অতিৰিক্ত ওজন হ’লে নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD) হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। নিয়মিতভাৱে ব্যায়াম কৰক। আৰু ওজন কমাবলৈ সক্ৰিয় জীৱনশৈলী অনুসৰণ কৰক।

ভাইৰাছজনিত হেপাটাইটিছঃ যকৃতৰ দীৰ্ঘকালীন ক্ষতি হ’ব পাৰে যদিহে হেপাটাইটিছ বি আৰু চিৰ দৰে ভেকচিন সঠিক সময়ত গ্ৰহণ নকৰে।

ঔষধঃ কিছুমান ঔষধ অতিৰিক্তভাৱে বা চিকিৎসকৰ তত্বাৱধান অবিহনে গ্ৰহণ কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে। গতিকে স্বাস্থ্য পৰীক্ষাৰ পিছতহে ঔষধ খাব লাগে।

ধূমপানঃ অত্যধিক ধূমপানে কেৱল হাওঁফাওঁৰ ক্ষতি নকৰে। তেওঁ লিভাৰৰো ক্ষতি কৰিছে। ধূমপান কৰিলে লিভাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আৰু যকৃতৰ কাৰ্য্যকলাপত ব্যাঘাত জন্মাব পাৰে।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment