৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষৰ পৰা দেখা যাব সেউজীয়া ধূমকেতু

৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষৰ পৰা দেখা যাব সেউজীয়া ধূমকেতু

আজি সমগ্ৰ বিশ্বই এক বিৰল মুহূৰ্তৰ সাক্ষী হ’ব। আজি নিশিমুৰা নামৰ ধুমকেতু এটাই পৃথিৱীক অতিক্ৰমি যাবলৈ ওলাইছে। সেয়াই নহয়, খালী চকুৰে ধুমকেতুটো দেখা পোৱা যাব। এই সেউজীয়া ৰঙৰ ধুমকেতুটোক নাম দিয়া হৈছে ‘নিশিমুৰা’।জানিব পৰা মতে, এই নামটো জাপানে দিছিল। যোৱা ১১ আগষ্টত প্ৰথমবাৰৰ বাবে আকাশত এই ধুমকেতুটো আৱিষ্কাৰ কৰিছিল জাপানী জ্যোতিৰ্বিজ্ঞানী হিদেও নিশিমুৰাই। এই ছবিখন তেওঁ অত্যাধুনিক টেলিস্কোপৰ জৰিয়তে তুলিছিল। এই ধুমকেতুৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

গৱেষকসকলে কৈছে, মঙলবাৰে নিশিমুৰাই পৃথিৱীক অতিক্ৰম কৰিব। ইয়াৰ আকাৰ প্ৰায় এক কিলোমিটাৰ। গৱেষকসকলৰ মতে এই ধুমকেতুটো চাবলৈ কোনো উন্নত দূৰবীণৰ প্ৰয়োজন নহ’ব। খালী চকুৰে দেখা পোৱা যাব। নাছাই কয় যে নিশিমুৰা সৌৰজগত পাৰ হৈ যোৱাৰ সময়ত আৰু উজ্জ্বল হৈ পৰিব।এই ধূমকেতু ৪০০ বছৰলৈকে পুনৰ দেখা নাযাব।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment