Daily Time Axom

যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

0 66

মন্দাৰমণিৰ শান্ত সমাহিত পৰিস্থিতিত মন্দাৰমণিৰ চাঁদপুৰত উদ্ধাৰ হৈছে এগৰাকী সুন্দৰী যুৱতীৰ মৃতদেহ ।
সাগৰ পাৰত পৰি থকা পানী আৰু সুৰাৰ বটল গোটাবলৈ যোৱা এদল কিশোৰ আৰু যুৱকে এটা শিলৰ ওপৰত দেখিলে মৃতদেহটো। এই খবৰ বিয়পি পৰা মাত্ৰকে চাঁদপুৰৰ চিবিজেড এলেকাত গোট খালে বহু পৰ্যটক। দোকানী-পোহাৰীৰ লগতে স্থানীয় লোকো দৌৰি আহিল ঘটনাস্থলীলৈ। কিন্তু মন্দাৰমণি কোষ্টেল থানাৰ আৰক্ষীৰ দৰে কোনো এজন লোকে উদ্ধাৰ কৰিব নোৱাৰিলে সুন্দৰী যুৱতীৰ পৰিচয়।পৰ্যটকসকলৰ কোনেও চিনি নাপালে মৃত সুন্দৰীগৰাকীক। AEC আৰু মেৰিন ড্ৰাইভ এলেকাত ষ্ট্ৰিট লাইট নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই সুন্দৰীক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। কাজেই অঞ্চলটোত ষ্ট্ৰিট লাইটৰ লগতে চিচি টিভিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে।

Leave A Reply

Your email address will not be published.