Daily Time Axom

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ

0 66

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ।

বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ ছুই চহৰত সংঘটিত হৈছে এই ঘটনা। ফুটবল দল এটা তাত টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল। বেছিভাগেই ১৭ৰ পৰা ২০ বছৰৰ ভিতৰৰ আছিল। উগ্ৰপন্থীৰ এটা দলে তেওঁলোকক অপহৰণ কৰে। ছয়জন ফুটবলাৰ অপহৰণক লৈ পাকিস্তানৰ চৌদিশে উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰৰ সমালোচনাও আৰম্ভ হৈছে।
অপহৃতক উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। গৃহমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে কয়, ‘গোটেই অঞ্চলটো ঘেৰি ৰখা হৈছে। অপহৃতক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। তথ্য সংগ্ৰহ কৰা হৈছে।পাকিস্তানী মন্ত্ৰীৰ অভিযোগৰ কাঁড় বেলুচিস্তানৰ সন্ত্ৰাসবাদী সংগঠন বেলুচ ৰিপাব্লিকান আৰ্মীৰ প্ৰতি। ছাৰফৰাজে কয় যে একমাত্ৰ লক্ষ্য হ’ল এই ছয়জন ফুটবলাৰক যিকোনো মূল্যৰ বিনিময়ত উগ্ৰপন্থীৰ হাতৰ পৰা উদ্ধাৰ কৰা। সকলো প্ৰচেষ্টা চলোৱা হৈছে। আশাকৰোঁ তেওঁলোক সুস্থ হৈ আছে। আমি সকলোকে সোনকালে উদ্ধাৰ কৰাত সফল হম।

প্ৰসংগক্ৰমে দলটোৱে ১৬ জন ফুটবলাৰৰ সৈতে বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ ছুই চহৰলৈ গৈ শনিবাৰে ফুটবল খেলিছিল। গন্তব্যস্থান পোৱাৰ পূৰ্বে উগ্ৰপন্থীয়ে আগ্নেয়াস্ত্ৰ দেখুৱাই টিমৰ বাছখন ৰখাই দিয়ে। ছয় ফুটবলাৰক অপহৰণ কৰা হয়।
আমিৰ হোছেইন নামৰ ২০ বছৰীয়া অপহৃত ফুটবলাৰ এজনৰ পিতৃ জাকিৰ হোছেইনে কয় যে ফুটবল খেলা কোনো অপৰাধ নহয়। মোৰ ল’ৰাটোৱে বৰ ভাল খেলে। এই কাৰণেই নেকি তেওঁক অপহৰণ কৰা হৈছে? আমাৰ গোটেই পৰিয়ালটোৱে প্ৰতিটো মুহূৰ্ত আতংকিত হৈ পাৰ কৰিছে। আমিৰক অপহৰণ কৰাৰ পিছৰে পৰা উগ্ৰপন্থীৰ কোনো যোগাযোগ হোৱা নাই। সুস্থ নে নাই নাজানো।

Leave A Reply

Your email address will not be published.