অৱশেষত ভাৰত এৰিলে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। নিৰ্ধাৰিত সময়ৰ ৪৮ ঘণ্টাৰ পিছত তেওঁ ভাৰত এৰি যাব লগা হৈছিল। শেহতীয়াকৈ জি-২০ সন্মিলনৰ পাছত তেওঁৰ লগত ভাৰত এৰি যাব লগা বিশেষ বিমানখনত যান্ত্ৰিক বিসংগতি ঘটিছিল। তাৰ পিছত দুদিন ভাৰততে আবদ্ধ হৈ পৰিল।
প্ৰতিবেদন অনুসৰি দেওবাৰে (১০ আগষ্ট) বিয়লি বিমানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে ট্ৰুডোৱে হোটেললৈ উভতি যাবলগীয়া হৈছিল। তেতিয়া তেওঁ বিকল্প বিমানৰ বাবে অপেক্ষা কৰি আছিল। অৱশ্যে দ্বিতীয়খন বিমান সোমবাৰে (১১ আগষ্ট) দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও পিছত ব্ৰিটেইনলৈ ডাইভাৰ্ট হয়।
কিন্তু ইয়াৰ মাজতে প্ৰথমখন বিমানক দোষমুক্ত কৰি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ দেশলৈ প্ৰেৰণ কৰে।
এইবাৰ ট্ৰুডোৰ ভাৰত ভ্ৰমণ বৰ মসৃণ হোৱা নাছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত বিৰোধী সন্ত্ৰাসবাদীক(খালিস্তান সমৰ্থকক) কানাডাত প্ৰতিবাদ কৰিবলৈ দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ উপৰিও ট্ৰুডোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাজনে অনুভৱ কৰে যে ভাৰতে কানাডাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে।